আঁৰকাপোৰৰ আঁৰত

জীৱনৰ একোছোৱা সময়ত কিছুমান মানুহৰ সৈতে কিমান নিকট সম্পৰ্ক হয় । জীৱনৰ প্ৰৱাহত সেই মানুহবোৰৰ পৰা আঁতৰ হৈ যোৱা যায় গম নোপোৱাকৈয়ে আৰু আন কিছু মানুহৰ সৈতে সম্পৰ্ক গঢ়লৈ উঠে । সময়ত সেই সম্পৰ্কও ক্ষীণ হৈ যায় । তাৰেমাজতে কিছুলোক কালৰ সোঁতত বিলীন হৈ যায় আৰু থকাসকলৰ সৈতেও কাচিত্ কেতিয়াবাহে দেখা হোৱাৰ পৰিস্থিতি হয়গৈ । জীৱনৰ গতি এনেকৈ সলনি হৈ যায় যে এসময়ত একেলগে মঞ্চত অভিনয় কৰাসকলৰ সঙ্গত কটোৱা দিনবোৰ হাজাৰ চেষ্টা কৰিলেও ওভতাই আনিব নোৱাৰি । সময়ৰ সোঁত ইমানেই প্ৰৱল । কিন্তু সেই প্ৰৱল সোঁতেও স্মৃতিবোৰ মনৰ পৰা মচিব নোৱাৰে । মনৰ ওভতনি যাত্ৰাপথেৰে গুছি যোৱা দিনবোৰৰ সুখস্মৃতি হৃদয়ৰ অতল গভীৰৰ পৰা কুৰুকি-কুৰুকি উলিয়াই আনি আমি আনন্দিত হওঁ । ‘আঁৰকাপোৰৰ আঁৰত’ শিতানৰ চাৰিটা খণ্ডৰ লেখাটো তেনে এটা প্ৰয়াস ।

পুলক জ্যোতি শৰ্মা

(এক) মহৰী আৰু এজাক ল’ৰা-ছোৱালী

১৯৯০ চনৰ জানুৱাৰী মাহৰ কথা । তেতিয়া মোৰ কোম্পানীৰ চাকৰিত ছয় বছৰ তিনি মাহ হৈছে । নতুন এডাল তেল পৰিবাহী পাইপলাইন বহুওৱাৰ কামত মূলতে জাগীৰোডত অস্থায়ীৰূপে স্থাপন কৰা কেম্পত থাকো । সপ্তাহান্তত গুৱাহাটীলৈ আহি নাৰেঙ্গীস্থিত হেড অফিচত কামৰ খতিয়ান দি জু ৰোডত ঘৰত মাৰ হাতৰ এসাজ খাই ৰাতিটো থাকি যাওঁ ।

তেনেকৈয়ে আহোতে ডিচেম্বৰৰ শেষৰফালে এবাৰ লগ পালো হেড অফিচত কৰ্মৰত ভাগ্যেন্দ্ৰ চৌধুৰীক । নাটকবলিয়া চৌধুৰীডাঙৰীয়াই ক’লে,-“২৬ জানুৱাৰীত নাটক এখন কৰিব খুজিছো, আপুনি এটা চৰিত্ৰত অভিনয় কৰিব লাগিব ।”

সুধি গম পালো যে দলটোত কেম্পাচৰে ভালেকেইজন নাটক ভালপোৱা বিষয়া আৰু কৰ্মচাৰী আছে আৰু বাচি লোৱা নাটকখন হ’ল স্বনামধন্য নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰদেৱৰ এখন বিখ্যাত নাটক – মুখ্যমন্ত্ৰী । পূৰ্ণদৈৰ্ঘ্য নাটখন মঞ্চস্থ কৰোতে দুই-আঢ়ৈ ঘণ্টামান সময় লাগিব । আখৰা কমেও বিশদিন হ’ব আৰু প্ৰ্তিদিনে কমেও দুঘণ্টাকৈ সময় দিব লাগিব । সেই সময়ত মোৰ মূৰত নাটকৰ চখ এটাই বাহ লৈছে – তিনিখনমান একাঙ্কিকাত অভিনয় কৰাৰে পৰা নাটক কৰোঁ নাটক কৰোঁ লাগি থকা হৈছে । প্ৰস্তাৱটো শুনি মনটো উথলি উঠিল । কিন্তু চিন্তাও লাগিল –‘জাগীৰোডৰ পৰা কামৰ অন্তত প্ৰতিদিনে কেনেকৈ আহিব পাৰিম ? ৰাতিতো ঘৰত থাকিলেও কাহিলি পুৱাতে উভতি যাম কেনেকৈ ? তাতে নিজৰতো গাড়ী-চাড়ী নাই অহা-যোৱা কৰিম কেনেকৈ । বচেতো আৰু নাটক বুলি প্ৰতিদিনে গাড়ী নিদিয়ে । আৰু বচক কমেইবা কেনেকৈ ।’ মনৰ কথা খুলি কওঁতে ভাগ্যেন্দ্ৰ চৌধুৰীয়ে ক’লে,-“আপোনাৰ অহাযোৱাৰ ব্যৱস্থা যদি কৰিব পাৰো তেন্তে কৰিবনে নাটকখন ?”

--‘‘তেনেকুৱা সুবিধা এটা হ’লে ভাবি চাব পাৰো । কিন্তু একেৰাহে বিশদিন আখৰা কৰা সম্ভৱ নহ’ব চাগে কাৰণ কেতিয়াবা চাইটৰ পৰা কেম্প আহি পাওঁতেই ভালেখিনি দেৰি হৈ যায় ।”

--“চিন্তা নকৰিব, বিশদিনৰহে কথা যেনেতেনে পাৰ হৈ যাব । আপোনাৰ বাবে নিৰ্দিষ্ট কৰা চৰিত্ৰটো হ’ল মহৰী । আপোনাৰ বয়স আৰু চেহেৰাৰ সৈতে নিমিলা চৰিত্ৰ । চৰিত্ৰটো অলপ কঠিন আৰু ভালেকেইটা দৃশ্যত অভিনয় আছে । কিন্তু মোৰ বিশ্বাস আপুনি পাৰিব ।” নাটকখনৰ প্ৰতিলিপি এটাও তেওঁ মোক পঢ়ি চাবলৈ বুলি দিলে ।

--“মই অলপ ভাবিলৈহে আপোনাক উত্তৰ দিব পাৰিম ।”

--“নিশ্চয় ভাবক, কিন্তু ভাবোতে বেচি সময় নল’ব । বেচি ভবা-চিন্তা কৰিলে উত্তৰ নোলায় । উত্তৰ কিন্তু হা আশা কৰিলোঁ দেই ।”

দুয়ো দুফালে নিজৰ নিজৰ কামলৈ গ’লোগৈ ।

নাটকখন পঢ়িলো আৰু চৰিত্ৰটো বুজিবলৈ চেষ্টা কৰিলো । মহৰীৰ বয়স ভাটি দিছে, পোছাক কিছু জলহু ; ঠিকাদাৰৰ কাম সময়মতে উলিয়াই দিয়াৰ হেঁচা আছে, কামৰ ঠাইত বনুৱা চলোৱাৰ হেঁচা আছে, ঠিকাদাৰৰ দুৰ্নীতিৰ সহচৰ হোৱাৰ মানসিক যন্ত্ৰণা কিছু আছে , আৰু আছে ঠিকাদাৰৰ অতি সৎ দেউতাকৰ মুখামুখি হ’ব লগা পৰিস্থিতিৰ অস্বস্তি । তাৰোপৰি মানুহজন কিছু অভাৱী আৰু পৰিস্থিতিৰ বাবে স্বভাৱত কুটিল । তেনেকুৱা চৰিত্ৰ আগতে কৰা নাই । কিন্তু অভিনয় মানেইতো নিজৰ সৈতে নিমিলা আন এজন মানুহ হোৱা । সেয়ে অভিনয় সদাই চেলেঞ্জিং আৰু সেই চেলেঞ্জ লোৱাটোও উচিত । গতিকে ভাগ্যেন্দ্ৰ চৌধুৰীক চৰিত্ৰটো কৰিম বুলি ক’লো কিন্তু চৰ্ত দিলো যে মোৰ অহাযোৱাৰ ব্যৱস্থা তেওঁ কৰি দিব লাগিব কাৰণ মই বচক গাড়ী খুজি টান কথা শুনিব নোৱাৰো ।

পৰিকল্পনা অনুসৰি নাটকৰ আখৰা আৰম্ভ হ’ল । কামৰ মাজতে ফাঁকে ফাঁকে আহি মই বাৰ-তেৰদিনমান আখৰাত ভাগ ল’লো । ৰাতি ঘৰত বাবাৰ পৰাও চৰিত্ৰটোৰ অভিনয়ৰ বিষয়ে শিকিলো, কাৰণ নিজৰ ডেকাকাল আৰু মাজবয়সত বাবা আছিল শ্বিলঙৰ সাংস্কৃতিক জগতৰ এজন অগ্ৰণী ব্যক্তি আৰু মঞ্চ আৰু অনাতাঁৰ নাটকৰ সুদক্ষ অভিনেতা । গুৱাহাটীলৈ অহাৰ পাছত সাংস্কৃতিক পৰিমণ্ডলৰ পৰা আঁতৰি পৰিলেও নাটকৰ প্ৰতি বাবাৰ আগ্ৰহ কমা নাছিল, তাতে পুতেকে নাটক কৰিবলৈ ওলোৱাত তেওঁ চাগে উৎফুল্লিতও হৈছিল । নাটকখনত মহৰী চৰিত্ৰটোৰ পৰিস্থিতি আৰু বয়সলৈ চাই বাবাই নিজৰ ফালৰ পৰাই মোক পোচাকৰ ব্যৱস্থা কৰি দিলে – এখন কিছু পুৰণা চুৰিয়া আৰু এটা পাতল নীলা ৰঙৰ কামিজ, এটা পুৰণা মেৰুণ ৰঙৰ কোট, এখন মাফলাৰ আৰু মোজাৰ সৈতে পামশ্বু এজোৰ । সেই পোচাক পৰিচালকৰ পচন্দ হ’ল । ২৬ জানুৱাৰী নাটকৰ দিনা ফিল্ডৰ কামৰ পৰা বেলি লহিয়াবলৈ লওঁতেই কেম্পলৈ উভতি গা-পা ধুই নাৰেঙ্গীলৈ আহি পোনেই গ্ৰীণৰূমত সোমালো । তাত মেকআপ কৰি মুখখন বয়স ভাটি দিয়া যেন কৰি পেলালে । তেনেকৈ মঞ্চত অৱতীৰ্ণ হ’লো । সকলোৰে সাৱলীল অভিনয়েৰে নাটকখন মসৃণ গতিত আগবাঢ়িল । অন্তিম দৃশ্যৰ আগৰটো দৃশ্য – মুখ্যমন্ত্ৰীৰ আগমণৰ সময় একেবাৰে নিকট কিন্তু মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া দলংখন সম্পূৰ্ণ হ’বলৈ ভালেখিনি কাম বাকী । কাম খৰটকীয়া কৰিবলৈ ঠিকাদাৰে হেঁচা দিছে মহৰীৰ ওপৰত আৰু মহৰীয়ে দিন-ৰাতিৰ চেদ-ভেদ নোহোৱাকৈ কাম কৰিবলৈ হেঁচুকিছে বনুৱাদলক । কামৰ থলীত কিছু হুলস্থুলীয়া পৰিৱেশ । উইংচৰ কাষতে কাঠৰ দলংখনৰ একাংশ, তাতে উঠি এজন বনুৱাই শকত ৰচী এডালেৰে টানি ডাঙৰ কাঠৰ চটি এডাল ওপৰলৈ উঠাবলৈ বল দিছে, মহৰীয়ে “টান টা-ন, আ-ৰু জোৰ দে” বুলি চিঞৰিছে । আন বনুৱাবোৰৰ মাত নেপথ্যৰ পৰা ভাঁহি আহিছে । ৰচীটানি থকা বনুৱাজনে ঘৰত সন্তান জন্মৰ সময় আহি পোৱা পত্নীৰ খবৰ এটা লৈ আহিবলৈ অকণমান সময়ৰ বাবে চুটী বিচাৰিছে । কাম সময়মতে উলিয়াই দিয়াৰ হেঁচাত মহৰী নিৰূপায় – তেওঁ বনুৱাজনক কোনোপধ্যে চুটী নিদিয়ে । বনুৱাজনৰ কাকুতি আৰু প্ৰত্যুত্তৰত মহৰীৰ শ্লেষপূৰ্ণ কথা আৰু অকলেই সেই গধুৰ কাঠডাল টানি ওপৰলৈ উঠাবলৈ বনুৱাজনক ধমকি - স্বাভাৱিকতেই সেই মুহূৰ্তত চাগে বনুৱাজনলৈ দৰ্শকৰ অনুকম্পা জাগিছে আৰু মহৰীৰ ওপৰত খং উঠিছে । তেনেতে বনুৱাজনৰ সাত-আঠবছৰীয়া পুত্ৰই দৌৰি আহি বাপেকক মাকৰ খুব গা বেয়া হোৱা বুলি খবৰ দিলেহি আৰু বাপেকক হাতত ধৰি ঘৰলৈ নিবলৈ বুলি টানিবলৈ ধৰিলে । বনুৱাজনে মহৰীলৈ মিনতি ভৰা চাৱনিৰে চালে কিন্তু প্ৰত্যুত্তৰত মহৰীৰ পৰা পালে কেইষাৰমান গালি । ক্লাইমেক্স – খঙে গৈ মূৰৰ চুলিৰ আগপোৱা বনুৱাজনে হিতাহিত জ্ঞান হেৰুৱাই দলঙৰ ওপৰৰ পৰা জাপমাৰি নামি মহৰীজনক উধাই-মুধাই মাৰিবলৈ ধৰিলে । মদগজ ডেকা বনুৱাজনৰ আগত ভাটিবয়সীয়া মহৰীয়ে থাৱৰিব নোৱাৰি কোনোমতে চুঁচৰি-বাগৰি পলাল ।

উইংচৰ ভিতৰলৈ সোমাই মোৰ অলপ ভাগৰ লাগিল, জানুৱাৰী মাহ হ’লেও গৰম উঠিল আৰু উশাহ বন্ধ হোৱা যেন লাগিল । মোৰ অভিনয়ো শেষ, সেয়ে অলপ সতেজ বতাহ পাবলৈ গ্ৰীণৰূমৰ পিচফালৰ দুৱাৰখন খুলি বাহিৰলৈ ওলালো । কাষতেই কেম্পাচৰ বাট এটা, তাৰ সিপাৰে এশাৰী কৰ্মচাৰীৰ আৱাস । আনফালে শাৰীকৈ চেলুন, মুচীৰ দোকান, ধুবীঘৰ, চাহ-ভাতৰ কেণ্টিন আৰু এখন পাণ-তামোল, মৰ্টন আদিৰ দোকান । সেইখিনিতে আহি থুপপাতিলেহি দহ-বাৰটামান ল’ৰা-ছোৱালীয়ে – বয়স এঘাৰ-বাৰমান হ’ব । অভিনয় কৰা এজনক সাজেপাৰে বাহিৰত ৰৈ থকা দেখি গোটেইজাক মোৰ কাষ পালেহি । ওচৰ পাই সেই পোহৰ-আন্ধাৰৰ মাজত সিহঁতে মোক চিনি পালে । অলপ আচৰিত হোৱা যেন হৈ এটা ল’ৰাই মাত দিলে,-“অ’ অ’ মামা - সে-ই-জ-ন আপুনি ?” আৰু এটিয়ে লগতে মাত দিলে,-“আপোনাকতো দেখিলে দুষ্ট মানুহ যেন নেলাগে, কিন্তু আপুনি ইম্মান বেয়া ।” কথাষাৰ কওঁতে ল’ৰাটোৱে মুখখন একেবাৰে বিকটাই দিলে । (তেতিয়া আঙ্কল, আণ্টিয়ে মামা, খুৰা, মাহী, পেহী, জেঠাই আদি সম্বন্ধবোৰক গ্ৰাস কৰি পেলোৱা নাছিল । শৈশৱ নিৰ্দোষ আৰু নিৰ্মলেই আছিল । কেম্পাচৰ স্কুলীয়া ল’ৰা-ছোৱালীবোৰৰ বেছিখিনিয়েই আমাৰ বয়সৰবোৰক মামা বুলিয়েই মাতিছিল আৰু ডাঙৰবোৰে মাতিছিল দাদা বুলি ।) নাটকৰ মাজত ডিঙিত সুৰসুৰণি নুঠিবৰ বাবে চুপি থাকিবলৈ অলপ মৰ্টন কোটৰ পকেটত থৈ দিছিলো, তাৰে কেইটামান পকেটতে আছিল, তাকে মুঠিমাৰি উলিয়াই আনি আটাইকেইটাকে উদ্দেশ্যি ক’লো,-“লোৱা, আটাইকেইজনে ভগাই লোৱা ।” প্ৰথমে মোলৈ চাই সিহঁতে ইটোৱে সিটোৰ মুখলৈ চোৱাচুই কৰিলে । তেনেতে গণেশ বৰপূজাৰীৰ ছোৱালীজনীয়ে গোমোঠা মুখেৰে মোলৈ চাই ক’লে,-“নেলাগে দিয়্ক আপোনাৰ পৰা মৰ্টন । আপোনাকযে মাৰিছে আমি খুব ভাল পাইছো ।” মোলৈ পিঠি দি ইতিমধ্যে আৰম্ভ হোৱা শেষ দৃশ্য চাবলৈ গোটেইজাক গ’লগৈ ।

সিহঁতলৈ মোৰ অলপ মৰমো লাগিল আৰু হাঁহিও উঠিল । মনলৈ ভাৱ আহিল –‘এই বুজা-নুবুজা দোমোজা বয়সৰ ল'ৰা-ছোৱালীকেইটাই যদি মোৰ অভিনয়ৰ দ্বাৰা প্ৰভাৱিত হৈছে তেন্তে মই নিশ্চয় মহৰীৰ চৰিত্ৰটো ভালকৈ ফুটাই তুলিব পাৰিছো । সকলোৱে চাগে চৰিত্ৰটোত মোৰ অভিনয় ভালেই পাইছে ।’

মোৰ মন ভৰি উঠিল । সৰু ল’ৰা-ছোৱালীকেইটাৰ সেই বিতৃষ্ঞাভৰা চাৱনিকেই মই সেইদিনাৰ মোৰ অভিনয়ৰ পুৰষ্কাৰ ৰূপে গ্ৰহণ কৰিলো ।

*********************